সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পলন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্রতিযোগিতাও অনুষ্ঠিত হয়।
বৰপেটা জিলা স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়। ৰাইজৰ মাজত ধঁপাত বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে উলিওৱা এই সমদলত চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগতো আজি এই দিৱস পালন কৰা হয়।

Read Now : 

কৰিমগঞ্জ অসামৰিক হাস্পতালত আজি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল- ধঁপাত সেৱনৰ পৰা শিশু তথা কিশোৰ-কিশোৰীসকলক সুৰক্ষা প্ৰদান কৰা। প্ৰধানকৈ যুৱ প্ৰজন্মক ধঁপাত সেৱনৰ জৰিয়তে হ’ব পৰা বিপদসমূহৰ বিষয়ে সজাগ কৰি তোলা আৰু ধঁপাতমুক্ত এখন স্বাস্থ্যকৰ সমাজ গঢ়াৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্রান্ত হয়। তথ্য অনুসৰি যোৱা ৫ বছৰত ৰাজ্যত এক লাখ ৯৪ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে এক লাখ ১৪ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ মতে অসমত কৰ্কট আক্রান্ত ৰোগীৰ ভিতৰত ৪৮ শতাংশই ধঁপাত সেৱন কৰে। ইফালে ধঁপাত সেৱনৰ অভ্যাস আঁতৰাবলৈ বি বৰুৱা কৰ্কট প্রতিষ্ঠানে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৮০০১১২৩৫৬ নম্বৰলৈ ফোন কৰিলে ধঁপাত এৰিব বিচৰা ব্যক্তিজনক প্রতিষ্ঠানখনে বিশেষভাৱে সহযোগিতা আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক