দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২ জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনীয়া চি বি আইৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি ন্যায়ালয়ে এইদৰে ৰায় দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে জেৰা কৰাৰ বাবে আম আদমী পাৰ্টীৰ নেতাগৰাকীক জিম্মাত লোৱাৰ বাবে অনুৰোধ জনাই চি বি আয়ে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ২৬ জুনত শ্ৰী কেজৰিৱালক তিনি দিনৰ তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছ। ইয়াৰ এদিন পূৰ্বে চি বি আয়ে আৱকাশকালীন ন্যায়াধীশ অমিতাভ ৰাৱাটৰ সন্মুখত হাজিৰ কৰোৱাৰ সময়ত মুখ্যমন্ত্ৰী কেজৰিৱালক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিল।
Site Admin | June 29, 2024 9:12 PM | No relief to Kejriwal | sent to judicial custody till july 12