ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই প্রকল্পসমূহৰ ৰূপায়ণে উত্তৰ পূৰ্বাঞ্চলত পৰিবহণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক বাস্তৱায়িত কৰিব। শ্রীগাডকাৰীয়ে আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত অৰুণাচল প্ৰদেশৰ ৪২৩ কিলোমিটাৰৰো অধিক সামৰি নিৰ্মীয়মাণ ১৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম-কাজৰ বুজ লয়। এই বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে মণিপুৰত ৮০৮ কিলোমিটাৰ সামৰি নিৰ্মীয়মাণ ৩৮টা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ কাম-কাজৰ বুজ লয়। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এই বৈঠকখনত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ ফলত ৰাজ্যখনত যোগাযোগ সূচল হৈ উঠিব বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনে প্ৰগতিৰ পথত অগ্ৰসৰ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

অধিক পঢ়ক

সকলো চাওক