কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত অসম, ছিকিম আৰু মিজোৰামৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত শ্ৰীগাডকাৰীয়ে অসমৰ এহেজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যক সামৰি ৫৭টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। আলোচনাত স্থায়ীত্ব আৰু মিতব্যয়িতা সুনিশ্চিত কৰি যাতায়ত আন্তঃগাঁথনিৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বিষয়টোৱে আগস্থান লাভ কৰে। আনহাতে ছিকিমৰ ৩০৯ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্য সামৰি ২১টা ৰাষ্ট্ৰীয় ঘাইপথৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পথ পৰিবহন আৰু ঘাইপথ ৰাজ্য মন্ত্ৰী অজয় টাটা আৰু হৰ্ষ মালহোট্টা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে।
Site Admin | October 23, 2024 11:30 AM | Nitin Gadkari