ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ

ভাৰতীয় বক্সাৰ নিশান্ত দেৱে আসন্ন পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। বেংককত চলি থকা পেৰিছ অলিম্পিকৰ যোগ্যতা নির্ণয়কাৰী প্ৰতিযোগিতাৰ পুৰুষৰ ৭১ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তে মলডোভাৰ ভাচিলে ছেব’টাৰীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰি নিশান্তে প্রতিযোগিতাত পদক জয় নিশ্চিত কৰাৰ লগতে অলিম্পিকৰ টিকটো অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ভাৰতৰ প্ৰথম পুৰুষ বক্সাৰ হিচাপে নিশান্তে পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ইতিমধ্যে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইৰ লগতে নিখাত জাবিন আৰু প্রীতিয়ে এছিয়ান গেমছত পদক জয়ৰ সফলতাৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে ভাৰতৰ শচিন ছিৱাচে ৫৭ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ ছেমুৱেল কিষ্ট’হাৰীক ৪-১ৰ ব্যৱধানত তথা অমিত পাংগালে ৫১ কেজি ওজন শাখাত দক্ষিণ কোৰিয়াৰ ইনকিউ কীমক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি পেৰিছলৈ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক