ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰ-পত্ৰিকা উন্মোচনৰ লগতে নতুন নাবালক উপভোক্তাসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ (প্রাণ) কাৰ্ড বিতৰণ কৰিব। শিশু উপভোক্তাসকলক প্ৰাণ কাৰ্ডৰ জৰিয়তে এ পি এছ বাৎসল্যত অন্তৰ্ভুক্ত কৰা হ’ব। এই কাৰ্যসূচীত বিদ্যালয় ছাত্র-ছাত্রীসকলে ভাগ ল’ব। নতুন দিল্লীত আয়োজিত এই কাৰ্যসূচীৰ সমান্তৰালভাৱে সমগ্ৰ দেশৰ প্ৰায় ৭৫টা স্থানত একে সময়তে এই মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে দিল্লীৰ কৰ্যসূচীৰ সৈতে জড়িত হ’বলগীয়া অঞ্চলসমূহত নতুন নাবালক উপভোক্তাসকলে যোগদান কৰাৰ লগতে তেওঁলোকক প্ৰাণ সদস্যপদো বিতৰণ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে অভিভাৱকসকলৰ পেন্সন একাউণ্টত বিনিয়োগেৰে সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ সুবিধা আগবঢ়োৱা হ’ব। এই আঁচনিৰ যোগেদি অভিভাৱকসকলে সন্তানৰ নামত বছৰি এহেজাৰ টকাকৈ বিনিয়োগ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে এন পি এছ বাৎসল্য আঁচনিৰ জৰিয়তে সকলোৰে বাবে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা প্রকাশ কৰিছে। দেশৰ ভৱিষ্যৎ প্ৰজন্মক আর্থিকভাৱে অধিক সুৰক্ষিত আৰু স্বাধীন কৰি তোলাৰ দিশত এয়া এটা বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক