ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

♦ ৰাজ্যত অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াকেলৈ এই পৰ্যায়ৰ বাবে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা ১১ লৈ বৃদ্ধি পাইছে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্রার্থী কৃপানাথ মল্লাই আজি মনোনয়ন দাখিল কৰিব। প্ৰাৰ্থী মল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিব।

মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ সৈতে সংগতি ৰাখি কৰিমগঞ্জ জিলা বিজেপিৰ উদ্যোগত কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। এই সভাত অংশগগ্ৰহণৰ পাছত মনোনয়ন পত্র দাখিল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে, কালি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছাহাবুল ইছলাম চৌধুৰীৰ লগতে আন এগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। আনহাতে, শিলচৰ সমষ্টিৰ বিজেপি প্রার্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শ‍ইকীয়াই কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব।

এই সমষ্টিটোৰ বাবে আন এগৰাকী প্রার্থীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী জয়ৰাম ইংলেঙে আজি মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থাকিব। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। অহা ৫ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ৮ এপ্ৰিল হ’ব মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন।