উত্তৰ-পূব সীমান্ত ৰে’লৱে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কোনো কোনো ঠাইত অতিৰিক্তভাৱে ৰে’লগাড়ী ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে কেইবাখনো ৰে’লগাড়ী কোনো কোনো ঠাইত অতিৰিক্তভাৱে ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ বিজনী আৰু কৈঠালকুছিত, পুৰী-কামাখ্যা এক্সপ্ৰেছ বিজনী, সৰভোগ, পাঠশালা, টিহু আৰু নলবাৰীত, টম্বাৰাম-শিলঘাট টাউন এক্সপ্ৰেছ বৰপেটা ৰোড আৰু নলবাৰীত, শিয়ালদহ-শিলঘাট কাঞ্চনজংঘা এক্সপ্ৰেছ নলবাৰীত, শিলচৰ-সৰভোগ এক্সপ্ৰেছ নলবাৰী আৰু বিজনীত, গুৱাহাটী-জম্মু টাৱাই এক্সপ্ৰেছ নলবাৰী আৰু বৰপেটা ৰোডত আৰু ডিব্ৰুগড়-লোকমান্য টিলক (টি) এক্সপ্ৰেছ নলবাৰীত অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক