উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সফলতা অর্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈকে এনে অভিযানত ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰৰ এপ্ৰিলৰ পৰা এইবছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৯৩ হাজাৰ ১৭০ গৰাকী লোকক চিনাক্ত কৰা হয় আৰু তেওঁলোকৰ পৰা জৰিমনা হিচাপে ৬৬ কোটি ২৭ লাখ টকা আদায় কৰা হৈছে। ২০২২-২৩ বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৭৮ হাজাৰ ৮০৮ গৰাকী লোকক চিনাক্ত কৰি তেওঁলোকৰ পৰা ৬২ কোটি ৯৮ লাখ টকা জৰিমনা আদায় কৰিছে।
Site Admin | May 21, 2024 11:51 AM | NF Railway
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ
