উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলাৰ পৰা ছাব্ৰুমলৈ শিয়ালদহ-আগৰতলা-শিয়ালদহ সংযোগী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু আলিপুৰদুৱাৰ জংছনৰ পৰা লামডিং হৈ আলিপুৰদুৱাৰ জংছন সংযোগী ইণ্টাৰছিটী এক্সপ্ৰেছৰ সেৱা লামডিঙৰ পৰা মৰিয়নিলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। কাইলৈৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই প্ৰকাশ কৰা মতে, প্রতি মঙল, বৃহস্পতি, শুক্ৰ আৰু দেওবাৰে শিয়ালদহৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনে পুৱা ৬ বাজি ৫০ মিনিটত যাত্ৰা কৰিব। আনহাতে, বুধ, শুক্র, শনি আৰু সোমবাৰে এই ৰে’লখন নিশা ৮ বজাত ছাব্ৰুমত উপস্থিত হ’ব। একেদৰে ছাব্ৰুমৰ পৰা মঙল, বৃহস্পতি আৰু দেওবাৰে ৰেলখনে যাত্ৰা কৰি বুধ, শুক্র, দেও আৰু সোমবাৰে সন্ধিয়া ৭ বাজি ২০ মিনিটত শিয়ালদহত উপস্থিত হ’বগৈ। এই সম্প্ৰসাৰণৰ দ্বাৰা ত্ৰিপুৰাৰ দক্ষিণ অঞ্চলৰ যাত্ৰীসকলে কলকাতালৈ পোনপটীয়া সংযোগ লাভ কৰিব। ইপিনে, ইণ্টাৰছিটী এক্সপ্ৰেছ ৰে’লগাড়ীখন কাইলৈৰ পৰা প্ৰতিদিনে আলিপুৰদুৱাৰ জংছনৰ পৰা ৩ বাজি ৪৫ মিনিটত যাত্ৰা কৰি নিশা ৮ বজাত মৰিয়নিত উপস্থিত হ’ব। আনহাতে, মৰিয়নিৰ পৰা পিছদিনা পুৱা ৯ বাজি ১৫ মিনিটত যাত্ৰা আৰম্ভ কৰি ১২ বাজি ৫০ মিনিটত আলিপুৰদুৱাৰ জংছনত উপস্থিত হ’ব। ৰেলযাত্ৰাৰ এই সম্প্রসাৰণে উজনি অসমৰ অঞ্চলসমূহৰ সৈতে বাকী অংশৰ ৰেল যোগাযোগ শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।
Site Admin | June 15, 2024 9:17 PM | nf railway new train