উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰ সংমণ্ডলৰ অধীনৰ অসম সীমান্তৰ ওচৰত পশ্চিমবংগৰ জোৰাই ৰে’ল ষ্টেচনত আজি কেইবাটাও কোচ-ৰাজবংশী সংগঠনে আহ্বান দিয়া অনির্দিষ্টকালীন ৰে’ল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও-নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছকেইখনৰো যাত্রা বাতিল কৰিবলগীয়া হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই জনোৱা মতে আজি পুৱা প্ৰায় ৬ বাজি ৪৫ মিনিটত জোৰাই ৰে’ল ষ্টেচনত কেইবাহাজাৰৰো লোক সমৱেত হৈ ৰে’লপথত অৱস্থান কৰিবলৈ লয়। ফলত সেই পথছোৱাৰে ৰে’ল চলাচল বন্ধ হৈ পৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ফকিৰাগ্ৰাম-গোলকগঞ্জ-নিউ কোচবিহাৰ বিকল্প পথেৰে উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল, উজনিমুৱা কামৰূপ এক্সপ্ৰেছ, ২০৫৪৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, ১২৪২৩ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, কেপিটেল এক্সপ্ৰেছ, শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছ, ডিব্ৰুগড়-দেওঘৰ এক্সপ্ৰেছ ৰে’লগাড়ীকেইখনৰ চলাচল কৰোৱায়। এন এফ ৰে’লৱে কৰ্তৃপক্ষই জোৰাই ৰে’ল ষ্টেচনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে।
Site Admin | December 11, 2024 8:24 PM | nf railway change time