উত্তৰ-পূব সীমান্তৰ ৰে’লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ’চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে’ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ২৩৫টা, লামডিঙত ২২১টা, ৰঙিয়া ৮৮টা, আলিপুৰদুৱাৰত ১৭১টা আৰু কাটিহাৰত ৯৪টা স্থানত বেৰিকে স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে নিয়ম নামানি ৰে’লপথ অতিক্ৰম কৰাটো দণ্ডনীয় অপৰাধ যদিও সাধাৰণ নাগৰিকে বিষয়টো আওকান কৰাৰ ফলত সঘনাই এনে স্থানসমূহত দুৰ্ঘটনা আৰু প্ৰাণহানিৰ ঘটনা সংঘটিত হৈ আহিছে। সেয়েহে ৰে’ল সুৰক্ষা বাহিনীয়ে শিক্ষানুষ্ঠান, পঞ্চায়ত আদিত নাগৰিকৰ মাজত সজাগতা বৃদ্ধিৰ কাৰ্যসূচী লোৱাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অনাগত দিনত মানৱবিহীন লেভেল ক্ৰ’চিং সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পদক্ষেপো গ্ৰহণ কৰাৰ কথা অৱগত কৰিছে।
Site Admin | December 26, 2024 12:32 PM | NF Railway