ডাউনলোড
মোবাইল এপ

android apple
signal

January 1, 2025 6:27 PM | new year pm prez

printer

নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

সমগ্র বিশ্বই আতচবাজি, সাংস্কৃতিক অনুষ্ঠান আৰু আনন্দ-উল্লাসেৰে ইংৰাজী নৱবৰ্ষ-২০২৫ক আদৰণি জনাইছে। বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো উৎসাহ-উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰা দেখা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবৰ্ষ উপলক্ষে দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। নৱবৰ্ষৰ শুভেচ্ছা জনাই দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে জনসাধাৰণক একেলগে কাম কৰি এখন উন্নত, সৰ্বাত্মক আৰু বহনক্ষম ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ সংকল্প লোৱাৰ বাবে আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত ২০২৫ বৰ্ষক দেশত গণতান্ত্রিক যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰে। এই বছৰত দেশৰ সংবিধান প্রণয়নৰ শতবৰ্ষৰ অন্তিম ২৫ টা বৰ্ষত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সংবিধান প্রণেতাসকলৰ ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে নিজকে পুনৰ উৎসৰ্গিত কৰাৰ সময় আহি পৰিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰি নতুন বছৰে প্ৰত্যেকৰে জীৱনলৈ সুযোগ, সফলতা আৰু অপাৰ আনন্দ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক