ডাউনলোড
মোবাইল এপ

android apple
signal

January 1, 2025 1:49 PM | Newyear

printer

আনন্দ-উৎসাহেৰে দেশৰ সমূহ জনসাধাৰণৰ ইংৰাজী নতুন বৰ্ষক আদৰণি

ইংৰাজী নতুন বছৰ ২০২৫ আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে ভাৰততো জনসাধাৰণে হৰ্যোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত শংখধবনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধবনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰটোৰ প্ৰৱেশক উদযাপন কৰে। অমৃতচৰৰ স্বৰ্ণ মন্দিৰতো যোৱা নিশা নতুন বছৰ উপলক্ষে বিশেষ প্রার্থনাৰ আয়োজন কৰা হয়।

বিশ্বৰ বিভিন্ন প্রান্তত স্থানীয় সময় অনুসৰি ভাৰততকৈ পূর্বেই নতুন বছৰে প্ৰৱেশ কৰে আৰু সেই দেশসমূহৰ জনসাধাৰণে আনন্দ-উৎসাহেৰে ইংৰাজী নতুন বৰ্ষক আদৰণি জনায়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত পৰম্পৰাগত আনন্দ-উল্লাসেৰে পথলৈ ওলাই আহি বছৰটোক আদৰণি জনোৱা দেশা যায়। ছিডনী হাৰ্বাৰত বিশেষ আলোক সম্পাতেৰে নতুন বছৰক আদৰণি জনোৱা হয়। সূর্য উঠা দেশ জাপানৰ ৰাজধানী টকিঅ, উদ্যোগিক চহৰ ওছাকা আদিতো ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক