ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰৰ দুটা বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকিব। খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰদান কৰা এই নতুন ৰেচন কাৰ্ডসমূহৰ জৰিয়তে জনসাধাৰণে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। সেই অনুসৰি অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰপ্ৰাপ্ত ৰেচন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মাহিলি ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। একেদৰে বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ড প্রাপ্ত পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। তদুপৰি এনে সুবিধাপ্রাপ্ত লোকসকলে প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব ।

অধিক পঢ়ক

সকলো চাওক