ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ বাজেট আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক শলাগ জ্ঞাপন কৰে। বৈঠকত দুয়োগৰাকীয়ে আনকেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কৰে। এই সম্পর্কত মুখ্যমন্ত্রী শর্মাই কয় যে, বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধৰণে বান স্থিতিস্থাপক সবল অর্থনীতি গঢ়ি তোলাৰ বাবে ৰাজ্যখনলৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি ৰাজ্যত হাইড্ৰকাৰ্বন উদ্যোগৰ পৰা ৰয়েলটি সম্পৰ্কীয় সকলো বিষয় সোনকালে নিষ্পত্তি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত মুখ্যমন্ত্ৰগৰাকীয়ে মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই আঁচনিখন অধিক শক্তিশালী কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়।

ইফালে মুখ্যমন্ত্রী শর্মাই কেন্দ্রীয় শক্তি, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী মনোহৰলাল খট্টৰৰ সৈতে আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ সকলো অঞ্চলতে বিদ্যুতৰ উপলব্ধতা সুনিশ্চিত কৰা তথা গ্রাহক, বিতৰক আৰু উৎপাদকসকল উপকৃত হোৱাকৈ শক্তি খণ্ডৰ সংস্কাৰৰ দিশসমূহ আলোচনা কৰা হয়। আনহাতে বৈঠকত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সমীপত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপিন্দৰ যাদৱক সাক্ষাৎ কৰি অসম চৰকাৰে ৰাজ্যত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল বৃদ্ধি কৰাৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। তদুপৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ লাঘৱ কৰিবলৈ চৰকাৰে নতুনকৈ ঘোষণা কৰা মূল আঁচনিসমূহৰ দ্বাৰা ৰাজ্যখন কিদৰে লাভৱান হ’ব পাৰে সেই বিষয়েও আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক