ডাউনলোড
মোবাইল এপ

android apple
signal

July 1, 2024 12:31 PM | New Criminal Law

printer

আজিৰে পৰা সমগ্র দেশজুৰি তিনিখন নতুন ফৌজদাৰী আইন বলবৎ

সমগ্র দেশজুৰি আজিৰে পৰা তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন কেইখন বলবৎ হব। ভাৰত চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি, দক্ষতা নির্মাণ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। নতুন আইন কেইখন ৰূপায়ন কৰাৰ বাবে আৰক্ষী আৰু অনুসন্ধান প্ৰাধিকৰণক সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আকাশবাণী আৰু দূৰদৰ্শনৰ বাতৰি, অনুষ্ঠান, আলোচনা তথা সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত বিশদ বিশ্লেষণ কৰা হৈছে। তদুপৰি জনসাধাৰণক এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনা, তথ্য সমৃদ্ধ ৱেব চাইট, মন্ত্ৰী পৰ্যায়ৰ ৱেবিনাৰ আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তর্ভুক্ত কৰাৰ বাবেও প্ৰয়াস কৰা হৈছে। নতুন ফৌজদাৰী আইন কেইখনে প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় অপৰাধ সংগ্ৰহ ব্যুৰৱে বৰ্তমান কাৰ্যক্ষম হৈ থকা ক্রাইম এণ্ড ক্রিমিনেল ট্রেকিং নেটৱৰ্কছ এণ্ড চিষ্টেমছ চমুকৈ চিচিটিএনএছ এপ্লিকেচনত ২৩বিধ সংশোধন কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিশ্ববিদ্যালয় অনুদান আয়োগ, অখিল ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদকে ধৰি সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত আজি এদিনীয়াকৈ নতুন ফৌজদাৰী আইনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা, কর্মশালা, প্রশ্নোত্তৰ শিতান, কুইজকে ধৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হব। ইপিনে, অসম চৰকাৰে এই আইন তিনিখন ৰাজ্যত নিয়াৰিকৈ প্ৰৱৰ্তনৰ বাবে ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি নতুন আইনকেইখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মুখ্য সচিবৰ নেতৃত্বত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰী অধিবক্তা আৰু আৰক্ষী লোকসকলকো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

  

অধিক পঢ়ক

সকলো চাওক