ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2024 12:58 PM | New Criminal Laws

printer

সোমবাৰৰ পৰা দেশত তিনিখন নতুন ফৌজদাৰী আইন প্ৰযোজ্য

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ’ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই হৈছে এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা অন্যতম । তদুপৰি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেওঁৰ নিজৰ স্থিতিৰ বিষয়ে পচন্দৰ ব্যক্তিক জনোৱাৰ অধিকাৰ থাকিব। নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তদন্ত অগ্ৰাধিকাৰ ভিত্তিত কৰাত গুৰুত্ব দিয়া হৈছে। এনে ধৰণৰ গোচৰ এজাহাৰ ৰুজু হোৱাৰ দুমাহৰ ভিতৰতে সমাধান কৰিব লাগিব।

অধিক পঢ়ক

সকলো চাওক