June 25, 2024 12:54 PM | NEET-UG

printer

নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা

কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ এম কে ৰমেশে নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে, পৰীক্ষাসমূহ যাতে নিয়মমাফিক আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয়, তাৰ গুৰুদায়িত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে, তদন্তৰ বাবে চি বি আইৰ এটা দল কালি গুজৰাটৰ গোধৰাত উপস্থিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, বৰ্তমানলৈ, গোধৰাত কমেও ৩০জন ছাত্র-ছাত্রীক প্রশ্নকাকত সমাধান কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ লাটুৰতো অনিয়মৰ সূত্ৰ পোৱা গৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক