June 20, 2024 8:23 PM | NEET-UG

printer

নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জিৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় গোচৰৰ শুনানিত স্থগিতাদেশ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা গোচৰ স্থানান্তৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বিক্রম নাথ নেতৃত্বাধীন এখন অৱকাশকালীন বিচাৰপীঠে এই স্থগীতাদেশ দিয়ে। শুনানিৰ সময়ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অধিবক্তাগৰাকীয়ে কয় যে, যোৱা সপ্তাহত সৰ্বোচ্চ ন্যায়ালয়ে গোচৰ স্থানান্তৰৰ অনুৰূপ আবেদন সন্দৰ্ভত জাননী জাৰি কৰা সত্বেও বিভিন্ন উচ্চ ন্যায়ালয়ত নীট-ইউ জি পৰীক্ষাৰ অনিয়ম সম্পৰ্কীয় বিভিন্ন গোচৰৰ শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ত গোচৰ স্থানান্তৰ আৰু পৰীক্ষা বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনসমূহ সন্দৰ্ভত ৮ জুলাইত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ১৪ জুনত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন এখন আবেদনৰ শুনানি স্থানান্তৰৰ বাবে অনুৰোধ জনাই ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা আবেদন সন্দৰ্ভত জাননী জাৰি কৰিছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা স্থানান্তৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্রকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত লেখ আবেদন দাখিল কৰা প্ৰাৰ্থীৰ্গৰাকীৰ পৰা উত্তৰ বিচাৰিছে। উচ্চতম ন্যায়ালয়ে নীট পৰীক্ষাত গ্ৰেছ মাৰ্ক প্ৰদানৰ বিষয়ৰ লগত জড়িত গোচৰ ইতিমধ্যে খাৰিচ কৰিছে।

অধিক পঢ়ক

সকলো চাওক