July 21, 2024 12:18 PM | CBI NEET UG

printer

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োজন অভিযুক্তক ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ দিনা ঝাৰখণ্ডৰ হাজাৰিবাগত উপস্থিত আছিল। আনহাতে গ্ৰেপ্তাৰ কৰা তৃতীয়জন ব্যক্তি প্রশ্নকাকত ফাদিল কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছিল।

অধিক পঢ়ক

সকলো চাওক