June 14, 2024 12:22 PM | NEET-UG

printer

NEET UG ত গ্ৰেছ নম্বৰ লাভ কৰা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা অর্থাৎ NEET UG ত কেন্দ্ৰই গ্ৰেছ নম্বৰ বাতিল কৰিছে। এই গ্ৰেছ নম্বৰ লাভ কৰা এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা মতে গ্ৰেছ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে ফলাফল বাতিল কৰাৰ পিছত পুনৰ অহা ২৩ জুনত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এই কথা অৱগত কৰিছে। এই পৰীক্ষাৰ ফলাফল অহা ৩০ জুনত ঘোষণা কৰা হ’ব। চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিৰ কাউন্সেলিং ৬ জুলাই পর্যন্ত চলি থাকিব । এই সময়ছোৱাৰ মাজতে পুনৰ পৰীক্ষা সম্পন্ন কৰি এই পৰীক্ষাত অৱতীৰ্ণ হোৱা উত্তীৰ্ণ পৰীক্ষার্থিয়ে কাউন্সেলিঙৰ সুযোগ লাভ কৰিব। গ্ৰেছ মাৰ্ক লাভ কৰা এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ কোনো এজনে পৰীক্ষাত অৱতীৰ্ণ নহয় তেন্তে সেই পৰীক্ষাৰ্থীৰ্গৰাকীয়ে গ্ৰেছ মার্ক বাদ দি ফলাফল লাভ কৰিব। উল্লেখযোগ্য যে গ্ৰেছ মার্কক লৈ অনিয়ম হোৱা বুলি বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰ্যালয়ে এই অনিয়মৰ তদন্তৰ বাবে এখন কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে যোৱা ১০, ১১ আৰু ১২ জুনত তদন্ত কৰি দিয়া প্রতিবেদনৰ আধাৰতে গ্ৰেছ মাৰ্ক দিয়া ফলাফল বাতিলৰ অনুমোদন জনায়। কমিটিৰ সিদ্ধান্তৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল বাতিল কৰি পুনৰ পৰীক্ষাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত পুনৰ পৰীক্ষাৰ সম্পৰ্কে অৱগত কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ সিদ্ধান্তক অনুমোদন জনায় এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাহিৰে আন কোনোৱে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে নীট পৰীক্ষাত কোনো দুৰ্নীতি আৰু কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এই কথা উল্লেখ কৰাৰ লগতে কোনো লোক যদি এই দুষ্কার্যত জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কালি এই কথা তেওঁ স্পষ্ট কৰি দিয়ে।

অধিক পঢ়ক

সকলো চাওক