ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ অলিম্পিকৰ জেভলিনত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৮৯ দশমিক ৪-৫ মিটাৰলৈ যাঠি নিক্ষেপ কৰি যোৱানিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনত ৰূপৰ পদক অৰ্জন কৰে। পাকিস্তানৰ অৰ্শদ নদীমে ৯২ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি ৯০ দশমিক ৫-৭ মিটাৰৰ সৰ্বকালৰ অলিম্পিক অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে। কালিৰ প্ৰদৰ্শনৰ সুবাদত নীৰজ চোপ্ৰা স্বাধীনতা লাভৰ পাছত এথলেটিকছত দুটাকৈ পদক অৰ্জন কৰা ভাৰতীয় ট্রেক এণ্ড ফিল্ড এথলীট ৰূপে পৰিগণিত হৈছে। নীৰজ চোপ্ৰা ২০০৮ আৰু ২০১২ৰ অলিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰা মল্লযোদ্ধা সুশীল কুমাৰৰ পাছত একেৰাহে পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ আৰু সামগ্ৰিকভাৱে দেশৰ তৃতীয়গৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, পি ভি সিন্ধুৱেও ৰিঅ’ আৰু টকিঅ’ অলিম্পিকত একেৰাহে পদক অৰ্জন কৰিছিল।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে, খেলুৱৈগৰাকীক লৈ দেশ গৌৰৱান্বিত আৰু তেওঁৰ সাফল্যই ভৱিষ্যতৰ প্ৰজন্মসমূহক অনুপ্ৰেৰণা যোগাব ।

প্রধানমন্ত্রী মোদীয়ে নিজৰ বাৰ্তাত কয় যে, নীৰজ চোপ্ৰাই বাৰে বাৰে নিজৰ প্ৰতিভাৰ পৰিচয় দি আহিছে। তেওঁ কয় যে, নীৰজ পুনৰ অলিম্পিক সফলতাৰে স্বদেশলৈ ঘূৰি অহা কথাটোৱে দেশবাসীক আনন্দিত কৰিছে।

গৃহমন্ত্রী অমিত শ্বাহে এটা বাৰ্তা যোগে নীৰজ চোপ্ৰাৰ প্ৰশংসা কৰি কয় যে, খেলুৱৈগৰাকীয়ে ত্ৰিৰংগ পতাকাৰ মান বৃদ্ধি কৰিছে।

অধিক পঢ়ক

সকলো চাওক