উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছেঃ সিন্ধিয়া

■ উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্রমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই আজি গুৱাহাটীৰ নেডফি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টার্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডনাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ’ব।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, বিকশিত ভাৰত আৰু বিকশিত পূৰ্বোত্তৰৰ ভৱিষ্যদর্শী আঁচনিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰই ড’নাৰ মন্ত্ৰালয়ৰ বাজেট আৱণ্টন ২৪ হাজাৰ কোটিৰ পৰা প্ৰায় ৮২ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব বুলি শ্ৰী সিন্ধিয়াই মত প্রকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঠনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, ষ্টার্টআপ, উদ্যোগীকৰণ আৰু পর্যটন খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক