ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া

কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। দিনজোৰা ভ্ৰমণসূচীৰে মিজোৰামলৈ অহা মন্ত্ৰীগৰাকীয়ে আজি আইজলত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰে অঞ্চলটোত ভাৰতীয় অৰ্থনীতিৰ অন্যতম চালিকা শক্তিত পৰিণত কৰিবলৈ বিচাৰে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ উত্তৰ-পূৰ্বাঞ্চলে দেশখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মিজোৰামৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যখনত পৰ্যটন, ক্রীড়া, বাঁহ উদ্যোগ, উদ্যান শস্য, কৃষি, জলবিদ্যুৎ, বন্যপ্ৰাণী আৰু দূৰ সংযোগকে ধৰি বিভিন্ন খণ্ডৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে উত্তৰ-পূৰ্বাঞ্চলত বিমান বন্দৰৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাইছে আৰু অচিৰেই আঠোখন ৰাজ্যৰ ৰাজধানী নগৰসমূহলৈ ৰে’ল সংযোগৰ কাম সম্পূৰ্ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক