বৰাক উপত্যকাত বানত ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত দল প্ৰেৰণ

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৬০ খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত ৮ জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Read More :

ইফালে আটাইকেইখন জিলাতে মুঠ ১৪৮টা সাহায্য শিবিৰ আৰু ৩৯টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পর্যন্ত উল্লেখিত ১১খন জিলাৰ ১০ লাখ ২৩ হাজাৰ ৬৩টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি মুঠ প্ৰায় ৪,৯৩১ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। বৰাক উপত্যকাৰ বান ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ এটা অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। দলটো গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ পৰা শিলচৰ বিমান বন্দৰত উপস্থিত হয়গৈ। উপত্যকাটোত আকষ্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতি বোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বৰাক উপত্যকাৰ তিনিওখন জিলাতে বান ক্ষতিগ্রস্তসকলৰ সহায়ৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰ অঞ্চল বৰাক নৈৰ বানে বুৰাই পেলাইছে। জগন্নাথপুৰত ২ শতাধিক লোক মালোৱা প্লাৱিক স্কুলত স্থাপন কৰা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও জিলাখনৰ প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে কলঙৰ জলস্তৰো বৃদ্ধি পাইছে।
ইফালে, তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। নদিহিং নৈৰ পানীও বাঢ়ি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনৰ প্ৰশাসনে সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে।

অধিক পঢ়ক

সকলো চাওক