লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ চৰকাৰ গঠনক লৈ তৎপৰতা বৃদ্ধি পাইছে। এন ডি এ মিত্রজোঁটে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিত্ৰজোটৰ নেতা হিচাপে সৰ্বসন্মতিক্রমে বাছনি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীৰ বাসগৃহত কালি অনুষ্ঠিত এন ডি এৰ নেতাসকলৰ বৈঠকত প্ৰধানমন্ত্রী মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ অধীনত বিগত ১০ বছৰত সকলো ক্ষেত্ৰত সামগ্রিক বিকাশ হোৱা বুলি উল্লেখ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱটোত লগতে দেশৰ জনসাধাৰণে ৬ দশকৰ পাছত একেৰাহে তৃতীয়াবাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এগৰাকী শক্তিশালী নেতা নির্বাচিত কৰিছে বুলি উল্লেখ কৰা হয়। বৈঠকত তেলুগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, জনতা দল ইউনাইটেডৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লোকজনশক্তি দল ৰাম বিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱান, অপনা দলৰ নেত্ৰী অনুপ্রিয়া পেটেল, আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰী, জে ডি এছৰ এইচ ডি কুমাৰস্বামী, হিন্দুস্থানী আৱামী মৰ্চাৰ নেতা জীতন ৰাম মাঝি, জনসেৱা পাৰ্টীৰ নেতা পৱন কল্যাণ আৰু অন্যান্য মিত্ৰদলৰ নেতাসকলৰ লগতে বিজেপিৰ শীর্ষ নেতাসকলে অংশ লয়।
ইপিনে, কালি আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকল নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। এই বৈঠকত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে মিত্ৰদলসমূহক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনী ফলাফল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বাবে বৃহৎ ৰাজনৈতিক ক্ষতি বুলি অভিহিত কৰাৰ লগতে এয়া স্পষ্ট নৈতিক পৰাজয় বুলি মন্তব্য কৰে। মিত্ৰজোঁটৰ সদস্যসকলে নতুন চৰকাৰ গঠনৰ কৌশলসমূহ সন্দৰ্ভত আলোচনাত মিলিত হয়। ইফালে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সপ্তদশ লোকসভা ভংগ কৰাৰ কথা ঘোষণা কৰে।