বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে শাসনাধিস্থিত বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে। আনহাতে, আই এন ডি এ মিত্রজোঁটে ২৯ খনত জয়লাভ কৰাৰ বিপৰীতে ২০৬ খনত আগবাঢ়ি আছে। বিজেপিয়ে অকলে ৮৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১৫১ খনত অগ্রগতি লাভ কৰি আছে। কংগ্ৰেছে ইতিমধ্যে ২৩খন আসনত জয়লাভ কৰাৰ উপৰি ৭৭ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী অজয় ৰায়তকৈ ডেৰলাখতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী হৈছে। গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা অমিত শ্বাহে জয়লাভ কৰিছে। কৰ্ণাটকৰ হাভেৰি সমষ্টিৰ পৰা বিজেপিৰ বাসৱৰাজ বোম্মাই বিজয়ী হৈছে। বাংগালোৰ নৰ্থ সমষ্টিত বিজেপি প্রার্থী শোভা কৰণলাজে জয়লাভ কৰিছে। মধ্য প্ৰদেশৰ ইন্দোৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী শংকৰ লালৱানি জয়ী হৈছে। মেঘালয়ৰ তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছলেং এ চাংমা এন পি পিৰ আগাথা কে ছাংমাৰ বিপৰীতে জয়ী হৈছে। বিহাৰৰ গয়া সমষ্টিৰ পৰা হিন্দুস্তানী আৱাম মৰ্চাৰ জিতনাম মাঝি জয়ী হৈছে। মধ্য প্ৰদেশৰ বিদিশা সমষ্টিত শিৱৰাজ সিং চৌহান, বাংগালোৰ গ্ৰাম্যৰ পৰা ড° চি এন মঞ্জুনাথ, গুজৰাটৰ নৱচাৰি সমষ্টিত চি আৰ পাটিল, তেলেংগানৰ মালকাজগিৰি সমষ্টিত এটালা ৰাজেন্দ্ৰ জয়ী হৈছে। মধ্যপ্ৰদেশৰ দেৱাচ সমষ্টিত মহেন্দ্ৰ সিং ছোলাংকী, মধ্য প্ৰদেশৰ গুণা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া, মান্দাচুৰ সমষ্টিত সুধীৰ গুপ্তা জয়ী হৈছে। ৰাজস্থানৰ জয়পুৰ চহৰ সমষ্টিত বিজেপিৰ মঞ্জু শৰ্মা আৰু কৰ্ণাটকৰ চিত্ৰদুৰ্গ সমষ্টিত বিজেপিৰ গোবিন্দ মাকথাপ্পা কার্জ’ল বিজয়ী হৈছে। আনহাতে, পাঞ্জাবৰ জলন্ধৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নী আৰু ফতেহগড় ছাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰে অমৰ সিং জয়ী হৈছে। ৰাজ্যখনৰ ছাংৰুড় সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ গুৰমিৎ‍ সিং মিট হায়াৰ বিজয়ী হৈছে। ইপিনে, কেৰালাৰ আলাথুৰ সমষ্টিত চি পি এমৰ কে ৰাধাকৃষ্ণণ বিজয়ী হৈছে। কৰ্ণাটকৰ মন্দিয়া সমষ্টিৰ পৰা জনতা দল ছেকুলাৰৰ এইচ ডি কুমাৰাস্বামীয়ে জয়লাভ কৰিছে। গুজৰাটৰ ৰাজকোট সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী পৰষোত্তম ৰূপালা জয়ী হোৱাৰ বিপৰীতে কৰ্ণাটকৰ ধাৰোৱাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰহ্লাদ যোশী জয়ী হৈছে। কেৰালাৰ ৱায়ানাড সমষ্টিত কংগ্ৰেছৰ ৰাহুল গান্ধী জয়ী হৈছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপি প্রার্থী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ নাৱাম টুকীতকৈ ১ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ ছটপাল ৰায়জাদাতকৈ ১ লাখ ৮২ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। আনহাতে, মান্দি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱট কংগ্ৰেছৰ বিক্রমাদিত্য সিঙতকৈ ৭৪ হাজাৰৰো অধিক ভোটত জয়ী হৈছে।
উত্তৰ প্ৰদেশৰ ৰায়বৰেলি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ দীনেশ প্ৰতাপ সিঙতকৈ প্ৰায় ৩ লাখ ৮৯ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। মহাৰাষ্ট্ৰৰ বাৰামতি সমষ্টিত এন চি পি শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্রিয়া চুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্রা অজিতদাদা পাৱাতকৈ ৪৩ হাজাৰ ভোটত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ৰাজ বাববৰ নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিঙতকৈ প্ৰায় ২২ হাজাৰ ভোটত আগবাঢ়ি আছে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ আন এজন নেতা ড° মনসুখ মন্দাভিয়া কংগ্ৰেছৰ ললিত বছ’য়াতকৈ ৩ লাখ ৮০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্রার্থী অমৃতপাল সিং পাঞ্জাবৰ খদুৰচাহিব সমষ্টিত ১ লাখ ৪০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ৰাজস্থানৰ আলৱাৰ সমষ্টিত বিজেপিৰ ভূপেন্দ্ৰৰ যাদৱ কংগ্ৰেছৰ ললিত যাদৱতকৈ ৫১ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ৰাজ্যখনৰ বিকানেৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল কংগ্ৰেছৰ গোবিন্দৰাম মেঘৱালতকৈ ৫৪ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। যোধপুৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শেখাৱৰ্ট নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ কৰণ সিং উচিয়াৰ্দাতকৈ ১ লাখ ১১ হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছে। কোটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা লোকসভাৰ অধ্যক্ষ ওম বিৰলা কংগ্ৰেছৰ প্ৰহ্লাদ গুঞ্জনতকৈ ৩৮ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং নিকটতম প্রতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰৱিদাস মেহৰুট্টাতকৈ ৬৭ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে। ৰাজ্যখনৰ আমেথিত বিজেপিৰ জ্যেষ্ঠ নেতা স্মৃতি ইৰাণী নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ কিশোৰী লালতকৈ ১ লাখ ২০ হাজাৰৰো অধিক ভোটত পিছপৰি আছে৷ ৰাজ্যখনৰ মেইনপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল য়াদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ ২ লাখ ২০ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।
আনহাতে, উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিত বিজেপি প্রার্থী হেমা মালিনী কংগ্ৰেছৰ মুকেশ বাংগাৰতকৈ ২ লাখ ৩৫ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। ইপিনে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সাতোখন আসনতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। অন্ধ্র প্রদেশৰ ১৬ খন আসনত তেলেগু দেশম পাৰ্টী আৰু ৩ খনত বিজেপি আগবাঢ়ি আছে। ত্ৰিপুৰা পূব সমষ্টিত বিজেপি প্রার্থী কীৰ্তি দেৱী দেৱবৰ্মনে জয়লাভ কৰাৰ ত্ৰিপুৰা পশ্চিম আসনত বিজেপিৰ প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱে অগ্ৰগতি লাভ কৰিছে। মধ্য প্ৰদেশৰ বিদিশা সমষ্টিত বিজেপিৰ শিৱৰাজ সিং চৌহান নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰতাপ ভানু শৰ্মাতকৈ ৭ লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে।
গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ’ব।

অধিক পঢ়ক

সকলো চাওক