ডাউনলোড
মোবাইল এপ

android apple
signal

July 5, 2024 12:42 PM | NCERET book

printer

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অধীনত এন চি ই আৰ টিৰ নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত

এন চি ই আৰ টিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোৰ অধীনত নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হ’ব। শিক্ষা মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম চূড়ান্ত পৰ্যায়ত আছে আৰু তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে ৯খন পাঠ্যপুথি ইতিমধ্যে উপলব্ধ কৰোৱা হৈছে। বাকী ৮ খন পাঠ্যপুথি অতি সোনকালে উপলব্ধ হ’ব বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বিদ্যালয়, শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ- এন চি ই আৰ টিৰ সঞ্চালকৰ সৈতে পাঠ্যপুথি প্ৰণয়নৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

অধিক পঢ়ক

সকলো চাওক