ডাউনলোড
মোবাইল এপ

android apple
signal

January 25, 2025 8:34 PM | Nationl voters day

printer

পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ভাৰত বিশ্বৰ সৰ্ববৃহৎ, বৈচিত্র্যপূৰ্ণ, যুৱ, সৰ্বাত্মক আৰু সংবেদনশীল গণতন্ত্ৰ আৰু এয়া সঁচাকৈ গৌৰৱৰ কথা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্রীমতী মুমৱে কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়া প্ৰাচীন কালৰে পৰা প্ৰৱৰ্তন হৈ আছে। ভাৰতৰ গণতন্ত্র আধুনিক বিশ্বৰ বাবে এটা অনন্য উদাহৰণ বুলি তেওঁ মন্তব কৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰভাৱশালী স্বৰূপ দেখিবলৈ পোৱা যায়। নিৰ্বাচনত মহিলাৰ বৰ্ধিত অংশগ্ৰহণ সমাজ আৰু দেশৰ সামগ্রিক উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ চিন বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নির্বাচন আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ভোটদাতা আৰু দুৰণিবতীয়া অঞ্চলসমূহত বাস কৰা জনজাতীয় ভোটদাতাসকলৰ বাবে ভোটদান প্ৰক্ৰিয়া সূচল কৰ তোলাৰ উদ্দেশ্যে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নির্বাচন আয়োজে এনে প্ৰচেষ্টাৰ মাধ্যমেৰে সৰ্বাত্মক আৰু সংবেদনশীল নির্বাচনী ব্যৱস্থাপনা প্ৰণালীৰ উত্তম উদাহৰণ দাঙি ধৰিছে। ভোটগ্ৰহণৰ সৈতে জড়িত আদৰ্শ আৰু দায়িত্বসমূহ গণতন্ত্ৰৰ প্ৰধান দিশ বুলি তেওঁ প্ৰকাশ কৰে ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জন ৰাম মেঘৱালে নিৰপেক্ষ আৰু শান্তিপূর্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে চলোৱা প্ৰচেষ্টাক ভূয়শী প্ৰশংসা কৰে। অনুষ্ঠানত মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, যে ভাৰতত ভোটদাতাৰ সংখ্যা ৯৯ কোটিৰো অধিক হৈছে আৰু দেশে শীঘ্ৰেই ১০০ কোটি ভোটদাতাৰে নতুন অভিলেখ গঢ়িব।
অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ বাবে চলোৱা অনুকৰণীয় প্ৰচেষ্টাৰ বাবে ৰাজ্য আৰু জিলা বিষয়াসকলক শ্রেষ্ঠ নির্বাচনী প্ৰথা বঁটা প্ৰদান কৰে। এই বঁটাৰ জৰিয়তে ভোটদাতাসকলৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্যমৰ দৰে অভিনৱ জনসম্পৰ্ক অভিযান আৰু প্ৰযুক্তিৰ ব্যৱহাৰক বিশেষ স্বীকৃতি প্ৰদান কৰা হয়। দূৰদৰ্শনক ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সম্প্ৰচাৰ কৰা উদ্ভাৱনমূলক অনুষ্ঠানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্রসাদে এই বঁটা গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক