আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। মহান হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। ভাৰতীয় হকীৰ ইতিহাসত মেজৰ ধ্যানচন্দৰ ঐতিহ্যৰ প্ৰতি সন্মান আৰু শাৰিৰীক গতিবিধি তথা খেল-ধেমালিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হয়। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰ ক্ৰীড়াৰ প্ৰতি সমর্থন আগবঢ়াবলৈ আৰু যুৱক-যুৱতীসকলক খেল আৰু প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে আজিৰ দিনটোত সমগ্র দেশে হকীৰ যাদুকৰ ৰূপে পৰিচিত মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজিৰ দিনটোত সকলো ক্রীড়াপ্রেমী আৰু দেশৰ হকে খেলা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লোৱাৰ দিন। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত হকীৰ যাদুকৰগৰাকীলৈ পুষ্পার্ঘ্য নিবেদন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ মান্দাভিয়াই কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিক সুস্থ আৰু সবল হৈ থকা উচিত। তেওঁ কয় যে সুস্থ নাগৰিকেহে এখন সুস্থ সমাজ গঢ়ে আৰু এখন সুস্থ সমাজেহে সুস্থ দেশ গঢ়াত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকে তেওঁলোকৰ ব্যস্ত জীৱনৰ পৰা কমেও এঘণ্টা খেল-ধেমালিৰ নামত উচৰ্গা কৰিবলৈ আহ্বান জনায়। ভাৰতবৰ্ষক এখন সুস্থ, সবল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বুলি উল্লেখ কৰি ড০ মান্দাভিয়াই নাগৰিকসকলক আজি ৰাষ্ট্ৰজোৰা উদযাপনত অংশ ল’বলৈ আহ্বান জনায়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়েও আজি জন্ম বার্ষিকী উপলক্ষে মেজৰ ধ্যানচন্দলৈ শ্রদ্ধা নিবেদন কৰে। তেওঁ লগতে দেশবাসীক ৰাষ্ট্রীয় ক্রীড়া দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Site Admin | August 29, 2024 7:09 PM