দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হ’ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া মূল কাৰ্যসূচী মুকলি কৰিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে সুৰক্ষিত আৰু মসৃণ অৱতৰণ কৰিছিল। ইয়াৰ লগে লগেই ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। মহাকাশ অন্বেষণৰ ক্ষেত্ৰত দেশে অৰ্জন কৰা উল্লেখনীয় সফলতা আৰু মহাকাশ প্রযুক্তিৰ ক্ষেত্ৰত লাভ কৰা অগ্রগতি উদযাপনৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ আয়োজন কৰা হৈছে। কাইলৈ এই দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ছেনট্রেল ব্যুৰ’ অৱ কমিউনিকেচনৰ উদ্যোগত খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত আয়োজিত তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনী ৰাজ্যত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰিব
Site Admin | August 22, 2024 7:16 PM | Ntional space day