ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শ্ৰী দোভালে কলম্বো সুৰক্ষা সন্মিলনৰ আলাপ-আলোচনাৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ ফলস্বৰূপে আঞ্চলিক উদ্যমৰূপে কলম্বো সুৰক্ষা সন্মিলন আৰম্ভ কৰা হয়। এখন সুৰক্ষিত আৰু সুস্থিৰ ভাৰত মহাসাগৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে এই ত্রিপাক্ষিক প্ৰচেষ্টাৰ সুত্রপাত হৈছিল আৰু ভাৰতে এই প্ৰচেষ্টাক আগুৱাই নিয়াৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। বর্তমান এই ত্রিপাক্ষিক উদ্যমত মৰিছাছ আৰু বাংলাদেশক সদস্য তথা চিশ্বেলক পৰ্যৱেক্ষক ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্মিলনে সন্ত্রাসবাদ প্ৰতিৰোধ, আৰক্ষী, আইন বলৱৎকৰণ আৰু চাইবাৰ সুৰক্ষাৰ খণ্ডত সামৰ্থ বৃদ্ধিৰ বাবে কাম কৰি আহিছে।
Site Admin | August 29, 2024 8:48 PM | National Security Advisor Ajit Doval reaches Colombo on two-day visit