সাম্প্ৰতিক বানে ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট কঢ়িয়াই আনিছে। ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২২৩টা বন শিৱিৰৰ ১৬৩টা জলমগ্ন হৈ থকাৰ লগতে বানৰ বাবে উদ্যানৰ অন্তৰ্ভাগৰ ৯টা বন শিৱিৰৰ বনকৰ্মীৰ স্থানান্তৰ কৰা হৈছে। বানৰ ফলত ইতিমধ্যে এটা গঁড়ৰ পোৱালি আৰু চাৰিটা অন্য জন্তুৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লৈ এন ডি আৰ এফ আৰু পশু চিকিৎসা বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে বান পৰিস্থিতি অধিক জটিল হ’লে ডেৰগাঁৱত প্ৰশিক্ষণৰত ১০০ জন বনকৰ্মীক কাজিৰঙাত মোতায়েন কৰা হ’ব বুলিও অৱগত কৰে । আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা কাৰ্বি পাহাৰত প্ৰৱেশ কৰা বন্য জীৱ-জন্তুক যাতে দুৰ্বৃত্তই নিধন কৰিব নোৱাৰে সেই সম্পৰ্কে কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৈতে আলাপ-আলোচনা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ বাবে উদ্যানখনৰ পৰা বহু জীৱ- জন্তু নিৰাপদ স্থান বিচাৰি ওলাই অহা পৰিলক্ষিত হৈছে। ইপিনে, চিৰাঙৰ বেংতলৰ টুক্ৰাঝাৰৰ আই নৈৰ বাঢ়নী পানীত উটি অহা এটা বনৰীয়া হাতী পোৱালি কালি স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে উদ্ধাৰ কৰে। বৰ্তমানে হাতী পোৱালিটোক মানস ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে, ব্ৰহ্মপুত্ৰৰ লগতে ধনশ্ৰী আৰু পাঁছ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰো প্ৰায় ৭০ শতাংশ অঞ্চল প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে। উদ্যানখনৰ দক্ষিণ দিশৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ধনশ্ৰী নৈৰ লগতে পাঁছ নৈৰ বাঢ়নী পানীয়ে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত বন্য জীৱ-জন্তুৰ প্ৰতি ভাবুকি আহি পৰিছে বর্তমানে উদ্যানখনৰ ৫০টা বনশিৱিৰৰ ভিতৰত ২০টা জলমগ্ন হৈ আছে।
Site Admin | July 3, 2024 12:57 PM | National park flood