ভাৰতৰ শ্বেত বিপ্লৱৰ জনক ড° ৱাৰঘিজ কুৰিয়ানৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে কাইলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হ‘ব। পশুপালন আৰু দুগ্ধ বিভাগে কয়, যে এই অনুষ্ঠানত ভাৰতৰ অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হ‘ব।
এই উপলক্ষে কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে পশুধন আৰু দুগ্ধ খণ্ডৰ সন্মানীয় ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰিব। এই বৃহৎ কাৰ্যসূচীত সমগ্ৰ দেশৰ কৃষক, দুগ্ধ সংস্থা আৰু দুগ্ধ সমবায়ৰ প্রতিনিধিসকলে অংশগ্রহণ কৰিব।