খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান-বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বিধি নিষেধ আৰোপ কৰিছে।
সেই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্রাক কলিয়াবৰ তিনিআলি-তেজপুৰৰ মিছন চাৰিআলি-মঙলদৈ-বাইহাটা চাৰিআলি হৈ চলাচল কৰিব লাগিব।
মেঘালয়, নগাঁও আৰু মৰিগাঁৱৰ পৰা অহা সকলো মালবাহী ট্রাক কেৱল নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতহে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব পাৰিব ।
উজনি অসমৰ পৰা অহা সকলোবোৰ লঘু যান-বাহন ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমছিং যোৰাবাট-নাৰেঙ্গী সেনা শিবিৰ-পাথৰকুৱেৰী অথবা চন্দ্ৰপুৰ-পানীখাইটি-নাৰেঙ্গী নতুবা চামতা-মায়ং-চন্দ্ৰপুৰ-পানীখাইটি-নাৰেঙ্গী কিম্বা জাগীৰোড-মায়ং-চন্দ্ৰপুৰ-পানীখাইটি-নাৰেঙ্গী হৈ মহানগৰীত প্ৰৱেশ কৰিব পাৰিব ।