ৰাষ্ট্ৰীয় ক্রীড়াত এই পর্যন্ত ১৩টা পদক লাভ কৰি অসমে জয়যাত্রা অক্ষুন্ন ৰাখিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙৰ ৫১ কিলোগ্রাম তলৰ শাখাত গৌৰৱ মজুমদাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ লন বলত অসম উত্তৰাখণ্ডৰ মুখামুখি হোৱাৰ লগতে মহিলা শাখাত অসম-দিল্লী মুখামুখি হ’ব।
ইপিনে, অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক ১-০ গ’লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অসম মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। লক্ষণীয়ভাৱে অসমৰ ফুটবল দলটোৱে সূদীর্ঘ ১৮ বছৰৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অসম দলে ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্রীড়াত স্বৰ্ণৰ পদক অৰ্জন কৰিছিল।
কালি ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মৃতা বৰুৱাই ৰূপৰ পদক অৰ্জন কৰে। ভাৰোত্তোলকগৰাকীয়ে ৮৭ কিলোগ্রাম শাখাত ভাগ লৈ স্নেটছত ৯৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জার্কত ১১৩ কিলোগ্ৰাম ভাৰোত্তোলনেৰে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। মৃদুস্মৃতা বৰুৱাৰ সফলতাৰে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ পদক ১৩টালৈ বৃদ্ধি পাইছে।