ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। সুৰঞ্জনাই কালি ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাৰ হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক আজি ২১-১০ পইণ্টত পৰাস্ত কৰে। একেদৰে বিতুই ল’ৰাৰ ২৫ বছৰ অনূৰ্ধ্ব বংগৰ প্ৰতিদ্বন্দ্বীক ২১-১৩ পইণ্টত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষৰ ডাবলছত বিমান আৰু বিশ্বজিতে উত্তৰাখণ্ডৰ যুটিক ১৬-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে মহিলাৰ ৭৫ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰে। একেদৰে পুৰুষৰ ৭১ কিলোগ্রাম শাখাত অসমৰ নৱাগত বক্সাৰ অভিনৱ শইকীয়ায়ো ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে।
ৰাজ্যৰ পুৰুষ ফুটবল দল আজি ছেমিফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বক্সিঙত শিৱ থাপা, জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়ো, আৰতী দলে আৰু আইকন মিলিও নিজ নিজ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্রতিদ্বন্দিতা আগবঢ়াব। চাইক্লিঙত ৰূপৰ পদক লাভ কৰা চয়নিকা গগৈক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে। অসমে এতিয়ালৈকে ৮টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৬ টা পদক লাভ কৰিছে।