ডাউনলোড
মোবাইল এপ

android apple
signal

অহা ২৬ আৰু ২৭ অক্টোবৰত জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ কাইলৈ আৰু পৰহিলৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব। এই মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰা হ’ব। প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী– এই দুয়োটা শাখাত ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব। বিশ্ব সংবাদকেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান চলচিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মূল বিষয়বস্তুৰ উপৰি মহোৎসৱত ভূমি আৰু মানুহ, পর্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্রাংকন, চিত্ৰাংকন আৰু কাঠত খোদাই কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতি সৌধ আৰু ঐতিহ্যক্ষেত্র, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকলক, ক্রীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিৱেশ আদি বিষয়কো প্রাধান্য দিয়া হৈছে। চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেইবা হাজাৰবৰ্ষ পূৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্রদ্ধা জ্ঞাপনৰ উদ্দেশ্যে দুদিনীয়াকৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। কাইলৈ এই মহোৎসৱ কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰিব। অনুষ্ঠানত সংগীত শিল্পী তৰালী শৰ্মা উপস্থিত থাকিব। প্রবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উদ্বোধন কৰা হ’ব। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মহোৎসৱৰ দ্বাৰ মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক