ডাউনলোড
মোবাইল এপ

android apple
signal

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস, ৰাজ্যত ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস৷ ডেংগি সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতৰ্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি হয়। এই বছৰৰ ডেংগি দিৱসৰ বিষয় বস্তু- সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগি নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ডেংগি দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

চিৰাং জিলা ৰাষ্ট্ৰীয় সেৱা সমিতিৰ উদ্যোগত কাজলগাঁৱত এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তিসকলে ডেংগি ৰোগৰ কাৰণ, এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। সজাগতা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডেংগি দিৱস সন্দৰ্ভত কুইজ প্রতিযোগিতাও অনুষ্ঠিত কৰা হয়। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ চামুহাঠাইতো আজি এই দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সমদল উলিওৱা হয়। ছাত্র-ছাত্রীসকলে হাতে হাতে বিভিন্ন প্লেকার্ড লৈ ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়। জিলাখনৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক ডেংগি ৰোগ সন্দৰ্ভত অৱগত কৰে। মৰিগাঁও জিলাতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ডেংগি দিৱস পালন কৰা হয়৷ জিলাখনৰ স্বাস্থ্য বিষয়া আৰু শ্রমিকসকলেও এই দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডেংগি সম্পর্কে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানকাচৰৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা স্বাস্থ্য কর্মীসকলে কুকুৰমাৰা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰে। কিদৰে ডেংগিৰ পৰা সাৱধানে থাকিব পাৰে সেই সন্দৰ্ভত সভাত আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক