ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস পালন

সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰা হৈছে। ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা বছৰজোৰা উদযাপনৰ কথা ঘোষণা কৰিছে। এইবেলি দেশৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকলক সম্বোধন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা তথা ভালেকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

ইপিনে, দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত মহানগৰীৰ ফটাশিল আমবাৰীৰ জি এম চি নিউ কলনী, ড° বি আৰ আম্বেদকাৰ পথত আজি পুৱা অনুষ্ঠিত সংবিধান দিৱসৰ কাৰ্যসূচীত ক্রীড়া আৰু যুৱকল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই পদযাত্ৰাত অংশগ্ৰহণ কৰে।

ইপিনে সংবিধান দিৱসৰ লগত সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ চেণ্ট্ৰেল ব্যুৰ অৱ কমিউনিকেচনছ চমুকৈ চি বি চি গুৱাহাটীৰ উদ্যোগত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে মহিলাৰ আইনী অধিকাৰ, শিশু শ্রমিক আইন, বাল্য বিবাহ প্ৰতিৰোধ আদিকে ধৰি আইনী বিষয়সমূহৰ সন্দৰ্ভত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে কামৰূপ জিলাৰ ভিন্ন প্ৰান্তত আইনী সাহায্য শিবিৰো স্থাপন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়তো আজি সংবিধান দিৱস অনুষ্ঠিত হয়। সংবিধান দিৱস উপলক্ষে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগতো সমূহ বিষয়া-কৰ্মচাৰীয়ে সংবিধানৰ শপত বাক্য পাঠ কৰে।

আজি আৰম্ভ হোৱা এই উদযাপন কাৰ্যসূচী অহা বছৰৰ ২৬ নৱেম্বৰ পৰ্যন্ত চলি থাকিব। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধান কাৰ্যকৰী কৰা হৈছিল ।

অধিক পঢ়ক

সকলো চাওক