প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্রীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰে। প্রধানমন্ত্রীয়ে বৈঠকত বিদেশ ৰাজ্যমন্ত্রী কীর্তি ৱর্ধন সিঙক জৰুৰীভাৱে কুৱেইটলৈ গৈ সাহায্য ব্যৱস্থাৰ তদাৰক কৰিবলৈ আৰু মৃতদেহসমূহ ক্ষিপ্ৰতাৰে দেশলৈ ঘূৰাই অনাৰ সুবিধা কৰিবলৈ নিৰ্দেশ দিয়ে। শ্রীমোদীয়ে প্রধানমন্ত্রী সাহায্য পুঁজিৰ পৰা নিহত ভাৰতীয় নাগৰিকসকলৰ পৰিয়াললৈ দুই লাখ টকাকৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। বৈঠকত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি ৱর্ধন সিং, প্রধানমন্ত্ৰীৰ প্ৰধান সচিব প্ৰমোদ কুমাৰ মিশ্ৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিনয় কোৱাট্টা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।
Site Admin | June 13, 2024 12:11 PM | narendra modi review meeting kuwait fire