দক্ষিণ-পশ্চিম আফ্ৰিকাৰ দেশ নামিবিয়াত শাসনাধিস্থিত ছাউথ-ৱেষ্ট আফ্রিকা পিপলছ অর্গেনাইজেছন চমুকৈ স্বাপো দলৰ নেতা নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে। নামিবিয়াৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰূপে নির্বাচিত ৭২ বছৰীয়া দিয়াতা হৈছে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত দিয়াতাই ৫৭ শতাংশ ভোট লাভ কৰি নিৰ্বাচিত হৈছে। ১৯৯০ চনত তেতিয়াৰ বৰ্ণবাদী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সেই সময়ৰ ৰোডেছিয়াৰ স্বাধীনতা সংগ্রামত অন্যতম অগ্রণী ভূমিকা গ্ৰহণ কৰা দিয়াতাই ইতিপূৰ্বে নামিবিয়াৰ পৰৰাষ্ট্রমন্ত্ৰীকে ধৰি বিভিন্ন পদত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। সদ্যসমাপ্ত নিৰ্বাচনত স্বাপোৰে নেচনেল এচেম্বলিৰ ৯৬ খন আসনৰ ভিতৰত ৫১ খন আসনত জয় লাভ কৰিছিল।
Site Admin | December 4, 2024 12:07 PM | Namibiya