কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্রী ভগীৰথ চৌধুৰীয়ে আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত কৃষক আৰু কৃষি ভূমিৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰাত গুৰুত্ব আৰোপ কৰে৷ অসমত খেতিৰ বাবে পৰ্যাপ্ত পানী আছে আৰু সেই বাবে বছৰত অন্ততঃ তিনিবাৰকৈ খেতি কৰিব লাগে বুলি শ্রীচৌধুৰীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত তেওঁ বিভাগীয় বিষয়াসকলক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ফচলসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ৫০ শতাংশ পৰিবহণ ব্যয় বহন কৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলে উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলাখনত নাবাৰ্ডৰ জৰিয়তে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বুজ লোৱাৰ লগতে পাম অইল খেতিৰ অগ্ৰগতিৰ সন্দৰ্ভত পতঞ্জলিৰ বিষয়ববীয়াৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীচৌধুৰীয়ে লগতে জিলাখনৰ সকলো বিষয়ববীয়াক চৰকাৰৰ জনমুখী আঁচনিসমূহ যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে এইক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
Site Admin | December 24, 2024 8:23 PM | nagaon review meeting bhagirath choudhuri