কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন কালি নগাঁও জিলাৰ ৰূপহীহাটত আক্ৰমণৰ সন্মুখীন হয়। মুখত কাপোৰ বান্ধি অহা একাংশ লোকে সাংসদ হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে চামগুৰিৰ ছাইদৰিয়াৰ গুণাবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত ৰূপহীহাটৰ নতুন বজাৰত সাংসদগৰাকীৰ স্কুটিখন আগভেটি ধৰে আৰু ৰকিবুল হুছেইন গ’ বেক ধ্বনি দিয়ে। দুৰ্বৃত্তৰ দলটোৱে সাংসদ হুছেইন আৰু তেওঁৰ পুত্ৰক বাহনৰ পৰা টনা-আঁজোৰা কৰি নমাই আনে। দলটোৰ টনা-আঁজোৰাত সাংসদ হুছেইন পথৰ ওপৰত স্কুটিৰ পৰা বাগৰি পৰে। দলটোৱে হুছেইনক ক্রিকেট বেট-লাঠিৰে প্ৰহাৰ কৰে। অৱশ্যে মূৰত হেলমেট পৰিধান কৰি থকাৰ বাবে তেওঁ গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে। ঘটনাৰ খবৰ লাভ কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই উচ্চপদস্থ বিষয়াক লৈ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে কংগ্ৰেছৰ কর্মীসভাখন সুকলমে সম্পন্ন কৰাৰো ব্যৱস্থা লয়।
ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ ৰকিবুল হুছেইনে চামগুৰিৰ ৰূপহীহাট অঞ্চল ভ্ৰমণ কৰিলে অতিৰিক্ত সুৰক্ষা লাভ কৰিব বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিধানসভাত সাংসদ হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত বিবৃতি দি এইদৰে কয়।