নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা কালি পিঞ্জৰাবদ্ধ কৰা বাঘটোক কলং নৈৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত শিলগুটি দলিয়াই আহত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱানিশা ৯ জন লোকক আটক কৰে। ঘটনাটোৰ ভিডিঅ’ ফুটেজৰ আধাৰত চিনাক্ত কৰা এনে একাংশ লোকৰ বাসগৃহত কালি আৰক্ষীয়ে অভিযান চলায়। বাঘটোক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে চিনাক্ত কৰা লোককেইজন হ’ল- জয়ন্ত সেন, বাহাদুৰ ছাহানী, সন্তোষ গৌৰ, দুৰ্গা গোড়, নিখিল ছাহানী, ভোলা ছাহানী আৰু নৰেশ ছাহানী। এই আটাইকেইজন লোকেই জখলাবন্ধা এলেকাৰ বাসিন্দা। আনহাতে বিকাশ মাহাতো, সম্ভু গোড় আৰু মহম্মদ আৰবাজ কুৰেছী নামৰ আন তিনিজন লোককো আৰক্ষীয়ে সোধা-পোছা কৰি আছে। ঘটনাটোৰ সৈতে জড়িত বুলি প্ৰমাণিত হোৱা লোকৰ বিৰুদ্ধে আইনী কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিগত প্রায় ছমাহ ধৰি অঞ্চলটোত বাঘৰ মুক্ত বিচৰণত অঞ্চলবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি হোৱাৰ পাছত বন বিভাগে কালি এটা বাঘক পিঞ্জৰাবদ্ধ কৰে। বাঘটোৱে চকু আৰু ভৰিত আঘাত পোৱা বুলি অঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰিছিল। পাছত বাঘটোক চিকিৎসাৰ বাবে কাজিৰঙা বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়া হয়।
Site Admin | November 22, 2024 12:08 PM | nagaon kaliabor tiger attack arrest