ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত নদী উৎসৱ ২০২৪ উদ্বোধন

ভাৰতৰ নদীসমূহৰ তাৎপৰ্যক উদযাপন কৰি কালি নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ত নদী উৎসৱ ২০২৪ উদ্বোধন কৰা হয়। এখন নদীৰ উপাদান আৰু ইয়াৰ আশে-পাশে থকা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘ৰিভাৰ্ছ ইন ৰিভাৰ্ছ: মেকিং অৱ এ লাইফলাইন’ শীর্ষক বিষয়বস্তুৰ অধীনত এইবেলি নদী উৎসৱৰ ৫ম সংস্কৰণ উদযাপন কৰা হৈছে। তিনিদিনীয়া নদী উৎসৱৰ প্ৰথম দিনটোত কানসাবতী নদীৰ ফটো-প্ৰদৰ্শনী, নাওৰ সুকীয়া প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা চিত্ৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত হয়। আই জি এন চি এৰ সম্পাদক ড০ সচ্চিদানন্দ যোশীয়ে কয় যে নদীৰ প্ৰতি অনুভূতি, উৎসাহ, শ্ৰদ্ধা, মূল্যবোধ আৰু বিশ্বাস জগাই তোলাই নদী উৎসৱৰ উদ্দেশ্য । আইজিএনচিত্র চৌহদত পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ আয়োজিত তিনিদিনীয়া নদী উৎসৱত জনসাধাৰণৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক