এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিয়ে সমর্থন প্রত্যাহাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। একাদশ মণিপুৰ বিধানসভাত থকা ৭ গৰাকী এন পি পি বিধায়কে মণিপুৰৰ বিজেপিৰ নেতৃত্ব চৰকাৰক সমর্থন দিছিল। মণিপুৰ বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা ৩২। সদ্যহতে এন বীৰেন সিঙৰ চৰকাৰৰ প্ৰতি এন পি এফ, জে ডি ইউ আৰু কেইবাগৰাকীয়ো নির্দলীয় বিধায়কৰ সমৰ্থন আছে। কনৰাড কে চাংমাই লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে মণিপুৰৰ সাম্প্ৰতিক আইন শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে এন পি পি উদ্বিগ্ন। বিগত কেইটামান দিনত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ লগতে বহু নিৰিহ লোকে প্ৰাণ হেৰুওৱাৰ বিষয়টো পত্ৰখনত উল্লেখ কৰা হয়। ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ওভতাই অনাৰ লগতে সমস্যা সমাধানৰ ক্ষেত্ৰত এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দলে অনুভৱ কৰাৰ বিষয়ে উল্লেখ কৰি শীঘ্ৰে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰৰ প্ৰতি থকা সমর্থন এন পি পিয়ে প্রত্যাহাৰ কৰে।
Site Admin | November 18, 2024 12:04 PM | N Biren Singh