ডাউনলোড
মোবাইল এপ

android apple
signal

ম্যানমাৰত ভূমিকম্পত এতিয়ালৈকে দুহেজাৰতকৈও অধিক লোকৰ মৃত্যু

ম্যানমাৰক যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুহেজাৰতকৈও অধিক হৈছেগৈ। যোৱা শুকুৰবাৰে ম্যানমাৰত ৭ দশমিক ৭ প্রাবল্য আৰু ৬ দশমিক ৭ প্রাবল্যৰ ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পই দেশখনৰ মান্দালেই অঞ্চলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। দেশখনত অহা এই ভয়ংকৰ ভূমিকম্পই থাইলেণ্ড, ভিয়েটনাম, লাওচ আৰু দক্ষিণ-পশ্চিম চীনকো জোকাৰি যায়। ম্যানমাৰৰ সামৰিক বাহিনীৰ নেতৃত্বই জনোৱা মতে এই ভূমিকম্পৰ ফলত দুহেজাৰ ৫৬ গৰাকীতকৈও অধিক লোকে প্রাণ হেৰুৱাইছে আৰু ৩ হাজাৰ ৯০০তকৈও অধিক লোক আহত হৈছে। ২৭০ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। দেশখনৰ ষ্টেট এডমিনিষ্ট্রেটিঙ কাউঞ্চিলৰ অধ্যক্ষ মিন-অং-হেইঙে দেশখনত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকাসমূহ অর্ধনমিত হৈ থাকিব। ধ্বংস্তূপৰ মাজত আৱদ্ধ হৈ থকা লোকসকলৰ সন্ধানত উদ্ধাৰকাৰী দলে পূর্ণগতিত অভিযান চলাই আছে। ভাৰত-ৰাছিয়া সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ লগতে ৰাষ্ট্ৰসংঘইও দেশখনলৈ সহায়-সহযোগিতা আগবঢ়াইছে। ভাৰতে ম্যানমাৰলৈ খাদ্য সামগ্ৰী, ঔষধ যোগান ধৰাৰ লগতে উদ্ধাৰ অভিযানত সহায়ৰ বাবে অপাৰেচন ব্ৰহ্মা মুকলি কৰিছে। ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে আক্রান্ত লোকসকলক চিকিৎসাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। য়াংগুনত থকা ভাৰতৰ দূতাবাসে জনোৱা মতে মান্দালে আৰু য়াংগুনত উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰতৰ পৰা আৰু অধিক ঔষধ আৰু খাদ্য সামগ্ৰী প্ৰেৰণ কৰি থকা হৈছে। ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জল বিজ্ঞান বিভাগে জনোৱা মতে আজি পুৱাৰ ভাগলৈ কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। চুবুৰীয়া দেশ থাইলেণ্ডত এই ভূমিকম্পত ১৯ জন লোকৰ মৃত্যু হৈছে। বেংককৰ ধ্বংসস্তূপৰ পৰা কেইবাহাজাৰো লোকক উদ্ধাৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক