ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মলাৱি ভ্ৰমণৰ আজি দ্বিতীয় দিনা কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দেশখনৰ নেতৃবৰ্গৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। শ্রীমতী মুৰ্মুৱে আজি মলাৱিৰ ৰাষ্ট্ৰপতি লাজাৰুছ চকৱেৰাক সাক্ষাৎ কৰিব। আজি বিভিন্ন বিষয়ক লৈ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু সমাধি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সন্ধিয়া এটা সমূহীয়া অনুষ্ঠানত দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰবাসী ভাৰতীয়সকলক ভাল কাম কৰি যাবলৈ আৰু বিকশিত ভাৰতৰ পৰিকল্পনাৰ সক্রিয় সহযোগী হ’বলৈ আহ্বান জনায়।
Site Admin | October 18, 2024 12:04 PM | murmu malawi meeting